সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লা আৰু নাই। মাত্ৰ ৪০ বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ বৃহস্পতিবাৰে মুম্বাইৰ কুপাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। বিগবছ চিজন ১৩ৰ বিজেতা তথা ‘বালিকা বধু’ চিৰিয়েলৰ দ্বাৰা জনপ্ৰিয় হৈ পৰা সিদ্ধাৰ্থ শুক্লাৰ অকাল মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে অভিনেতা মনোজ বাজপেয়ীকে ধৰি বহু কলা-কুশলীয়েে।
জানিব পৰা মতে, পুৱা হৃদৰোগত আক্ৰান্ত হোৱাত অভিনেতাগৰাকীক কুপাৰ হাস্পতালত ভৰ্তি কৰিছিল পৰিয়ালৰ লোকে। কিন্তু হাস্পতালতে মৃত্যুক সাৱটি লয় সিদ্ধাৰ্থই। অৱশ্যে মৰোণত্তোৰ পৰীক্ষাৰ পিছতে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি প্ৰকাশ কৰিছে চিকিৎসকে।
সিদ্ধাৰ্থ শুক্লাই ২০০৮ চনত টিভি অনুষ্ঠান ‘বাবুল কা অংগন ছুটে না’ৰ জৰিয়তে কেৰিয়াৰত আত্মপ্ৰকাশ কৰিছিল। তাৰ পিছত তেওঁ ‘জানে পেহচানে চে অজনবী’, ‘চিআইডি’, ‘বালিকা বধু’ আৰু ‘লাভ ইউ জিন্দেগী’ আৰু বহুতো ৰিয়েলিটি শ্ব’ৰ দৰে টিভি অনুষ্ঠানত অভিনয় কৰিছিল।
