সৰুপথাৰত মহিলাৰ দ্বাৰা ভাওনা প্ৰদৰ্শন

78

সৰুপথাৰৰ চুঙাজানত প্ৰদৰ্শন কৰা হল এখন ব্যতিক্ৰমী মহাপুৰুষীয়া ভাওনা। ভাওনাখনত ভাও দিলে কেৱল মহিলা ভাওৰীয়াই। সোমবাৰে নিশা অসম-নগালেণ্ড সীমান্তৰ চুঙাজান দগাঁৱৰ মাজগাঁও খেলপথাৰত অনুষ্ঠিত ‘কুৰ্ম অৱতাৰ’ শীৰ্ষক ভাওনা। ভাওনাৰ বিভিন্ন ভাও ধৰে অঞ্চলটোৰ ১৭গৰাকী মহিলাই। আনহাতে প্ৰথমবাৰৰ বাবে মহাপুৰুষীয়া নাট ভাওনাত অংশ গ্ৰহণ কৰিবলৈ পাই অত্যন্ত অনন্দিত বুলি মত প্ৰকাশ কৰে মহিলা ভাওৰীয়া সকলে। বৃহত্তৰ অঞ্চলটোত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা মহিলাৰ ভাওনা চাবলৈ যথেষ্ট দৰ্শক ৰাইজৰো সমাগম ঘটে ভাওনাস্থলীত। ভাওনাখনত মহিলাসকলৰ সাৱলীল অভিনয়ে আপ্লুত কৰে দৰ্শকসকলক।