সৰুপথাৰত নিৰ্বাচনী বতাহ শাম কটাৰ লগে লগে এতিয়া বিহুৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে লোকসকল। সৰুপথাৰৰ টেঙাহোলা গাঁৱত পোনপ্ৰথমবাৰৰ বাবে সপ্তাহজোৰাকৈ আয়োজন কৰছে বিহু কৰ্মশালাৰ। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে এই কৰ্মশালাৰ। পোন প্ৰথমবাৰৰ বাবে টেঙাহোলা গাঁৱত বিহু কৰ্মশালা অনুষ্ঠিত হোৱা বাবে উৎফুল্লিত হৈ পৰিছে গাঁৱবাসী। এই কৰ্মশালাত প্ৰশিক্ষণ দিয়া হ’ব বিহু-নৃত্য, ঢোল আৰু পেঁপাৰ৷ বিহু নৃত্যৰ প্ৰশিক্ষক ৰীতামণী বৰা শইকীয়া, ঢোলৰ প্ৰশিক্ষক জীতেন বৰা (ওজা), আৰু পেঁপাৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছে অজয় বৰা। এই কৰ্মশালাত আশা কৰাতকৈও অধিক প্ৰশিক্ষাৰ্থীয়ে যোগদান কৰিছে বুলি জানিবলৈ দিয়ে। এই কৰ্মশালাৰ পৰা নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব বুলি মন্তব্য কৰিছে আয়োজক সমিতিয়ে।
Latest article
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব হেমন্ত ছোৰেনে
মঙলবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব হেমন্ত ছোৰেনে।
দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে ল'ব শপত।
শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী, আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল,...
উত্তৰপ্ৰদেশৰ ছম্ভালত উত্তপ্ত পৰিস্থিতি
উত্তৰপ্ৰদেশৰ ছম্ভালত উত্তপ্ত পৰিস্থিতি।
আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ একাংশৰ।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ কন্দুৱা গেছ ব্যৱহাৰ।
মছজিদত জৰীপ চলাবলৈ যোৱা দলক আক্ৰমণ।
শ্বাহী জামা...
আজি লাচিত দিৱস
আজি লাচিত দিৱস। জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০২ সংখ্যক জন্ম জয়ন্তী।আজি ৰাজ্যত পালন কৰা হৈছে লাচিত দিৱস। আজিৰ লাচিত বৰফুকনৰ ৪০২ তম জন্মজয়ন্তী। লাচিত...