সৰাবাৰী পঞ্চায়তত পথ পকীকৰণৰ আধাৰ শিলা স্থাপন বিধায়ক ড° পৰমানন্দ ৰাজবংশীৰ

280

সৰাবাৰী পঞ্চায়তত পথ পকীকৰণৰ আধাৰ শিলা স্থাপন বিধায়ক ড° পৰমানন্দ ৰাজবংশীৰ

নতুনকৈ নিৰ্মিত হোৱা অংগনবাড়ী কেন্দ্ৰসমুহ যদি নিৰ্মানত খুটিনাটি থাকে ঠিকাদাৰৰ ধন নহব মুকলি ৷

ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত সৰাবাৰী গাওঁ পঞ্চায়তৰ নিজ সৰাবাৰীৰ পৰা গঙ্গাপুখুৰী সংযোগী তথা অতি গুৰুত্বপুৰ্ণ পথ এটি শুভাৰম্ভ কৰে ৷

অভিযন্তা মুকুল কাকতি, সহ অভিযন্তা ভাস্কৰ চহৰীয়া আৰু কনিষ্ঠ অভিযন্তা হামিদ আলি আৰু ৰাইজৰ উপস্থিতত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প শিতানত বিশ্ব বেংক অৰ্থ সাহায্য প্ৰাপ্ত অধিনৰ ১ কোটি ৮৮ লাখৰো অধিক টকাৰ পথটি আধাৰশিলা স্থাপন কৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে ।

শুভাৰম্ভ কৰি মুকলি সভাত বিধায়কে উল্লেখ কৰে যে চিন্তাৰ কোনো কাৰন নাই এই চৰকাৰৰ দিনত গাওঁৰ ভিতৰৰ থকা বহু পথ পকীকৰণৰ কাম হাতত লোৱা বুলি ৰাইজক অৱগত কৰে ৷
আনহাতে লোক নিৰ্মাণ বিভাগৰ অভিযন্তা মুকুল কাকতিয়ে পথ নিৰ্মাণৰ সময়ত ৰাইজৰ সহযোগ নিতান্তই প্ৰয়োজন বুলি আহবান জনায় ৷