সৰস্বতী পূজা পালনত কোনো SOP নাথাকে: স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

81

এইবাৰ সৰস্বতী পূজা উদযাপনৰ বাবে নাথাকে কোনো পৃথক SOP ।

শিক্ষানুষ্ঠানত সৰস্বতী পূজা পালনত নাথাকিব কোনো বাধা।

বোকাখাতত এই কথা সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

তেওঁ কয়- শিক্ষানুষ্ঠানত সৰস্বতী পূজা পালনত নাই কোনো বাধা। ক’ভিড থাকিলেও নাহে কোনো নতুন SOP। কিন্তু চলি থকা SOP পালন কৰিব লাগিব সকলোৱে।

চৰকাৰ তথা প্ৰশাসনে জাৰি কৰা নিয়ম অনুসাৰে পালন কৰিব পাৰিব সৰস্বতী পূজা।

পহিলা ফেব্ৰুৱাৰীত ঘোষণা হ’ব লগা নতুন SOPত সৰস্বতী পূজাৰ বাবে নাথাকিব বিশেষ বাধা।