সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা

218

সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা ।কাণহাৰ নাই নেশ্বনেল হাইওৱেৰ বিভাগীয় কতৃপক্ষৰ।উল্লেখযোগ্য যে বিজনীৰ দহলাপাৰা টোলগেটৰ পৰা গুৱাহাটী অভিমুখে ভৱানীপুৰ গলিয়া টোলগেটলৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা জৰাজীৰ্ণ অৱস্থা। ৰাস্তাৰ মাজ ভাগসমূহত মৰণফান্দলৈ পৰিণত হৈছে ।৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৰভোগৰ বেকী নদীৰ দলং, শিমলাগুৰী হাউলি আদি কেইবাখন ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গাতত পৰিণত হৈছে । বিশেষকৈ সৰভোগৰ ঐতিহ্যমণ্ডিত মইনবড়ী সত্ৰৰ নিজ কাষতে ৰাষ্ট্ৰীয় ঘাইপথ মৰণফান্দলৈ পৰিণত হৈছে। যানবাহন যাতায়তৰ ক্ষেত্ৰত অসুবিধা সম্মুখীন হব লগা হৈছে । দিনে নিশাই বৃদ্ধি পাইছে যানবাহন দুৰ্ঘটনা। সৰভোগৰ পশ্চিম আৰু পূবত ৩০ কিলোমিটাৰ নিলগত দুখনকৈ টোলগেট থকা সত্বেও ঘাইপথৰ মেৰামতি কৰা ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া পৰিলক্ষ্য হোৱা নাই। টোলগেট সমূহত অকল কৰ লৈ ব্যস্ত । ইপিনে বৰপেটা নগৰ উন্নয়ন নিগমৰ অধ্যাক্ষ মহেন্দ্ৰ মোহনে নেশ্বনেল হাইওৱেৰ বিভাগীয় কতৃপক্ষক আহ্বান জনায় অতি শীঘ্ৰে পথসমূহ মেৰামতি কৰি ৰাইজক যাতায়তৰ সুবিধা কৰি দিয়ে ।