সৰভোগৰ খুদনাবাৰী গাৱত মৰমান্তিক ঘটনা

168

সৰভোগৰ খুদনাবাৰী গাৱত মৰমান্তিক ঘটনা। কেৱল কান্দোন, কেৱল কান্দোন,কান্দোত ভাগি পৰিছে পৰিয়ালে।

সৰভোগৰ খুদনাবাৰী গাঁৱৰ মৃত কাদেৰ খানৰ পুত্ৰ আয়নাল খান (২৭) কৰ্মেসূত্ৰে হাৰিয়ানা কেমৰি ফাটক হিচাৰ নামৰ কোম্পানীত ৰোড ব্ৰিজৰ কাম কৰি থকা অৱস্থাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

যোৱা দহ মাহ পূৰ্বে সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনা । বৰ্তমান সংকটজনক অৱস্থা । কি খাইছে, কি খোৱা নাই, একো কব নোৱাৰে ।

ওপৰৰ পৰা লোহাৰ চালি ককালত পৰি ককাল ভাঙে । কিন্তু অপাৰেশ্বন কৰাৰ পিছতো সুস্থ হোৱা নাই আয়নাল খানৰ ।বৰ্তমান মৃত্যুৰ সৈতে যুজি আছে। টকাৰ অভাৱত কাঠৰ বিছনাতে পৰি আছে । কিন্তু উন্নত চিকিৎসা কৰিব পৰা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে।

আয়নাল খানৰ পৰিবাৰৰ লগতে তেওঁৰ দুটি কণমানি লৰা ৬ বছৰ আৰু ৪
বছৰ। পৰিয়ালটোত ঘোৰ অন্ধকাৰ নামি আহিছে।

হিমাচলৰ ঠিকাদাৰ অৰুণৰ নেতৃত্বত কাম কৰিছিল। আয়নাল খানৰ চিকিৎসা বাবদ কোম্পানীয়ে কোনো ধৰণৰ সহায় নকৰিলে।

বগৰীগুৰী গাও পঞ্চায়তৰ প্ৰাক্তন সভাপতিয়ে আয়নাল খানৰ ঘৰত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ,স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত বদৰ উদ্দিন আজমল আৰু আজমল ফাউণ্ডডেশ্বনৰ ওচৰত কান্দি কান্দি কান্দি হাত যোৰ কৰি আৰ্থিক সহাৰ্য বিচাৰি আহ্বান জনায়।

ইপিনে আয়নাল খানৰ উন্নত চিকিৎসাৰ কাৰণে ৰাইজে আয়নাল খানৰ ফোন পে নম্বৰ 6001760372 আৰু একাউণ্ট নম্বৰ 923010031923618 ত কিছু আৰ্থিক সাহাৰ্য দিবলৈ গাঁৱৰ ৰাইজে আহ্বান জনায়।