সৰভোগত ৰেল আৰক্ষীৰ অভিযান

380

সৰভোগত ৰেল আৰক্ষীৰ অভিযান। অভিযানত সৰভোগ ৰেল ষ্টেচনৰ পৰা এজন যুৱকক টিকট দাদালৰ সন্দেহত আটক। দালালজনে দীৰ্ঘদিন ধৰি সৰভোগ ষ্টেচনত ৰেল টিকটৰ নামত যাত্ৰীৰ পৰা লুটি আহিছিল ধন। দালালজনে সৰভোগ ৰেল ষ্টেচনত টিকটৰ দায়িত্বত থকা ৰূপজ্যোতি দৈমাৰী নামৰ এগৰাকী কৰ্মচাৰীৰ সৈতে মিলি চলাই আহিছিল অসংৰক্ষিত টিকটৰ দাদালি। জানিব পৰা মতে দালালজন বৰপেটাৰোড থানাৰ অন্তৰ্গত কলহভাঙাৰ ৰূপ খান। আজি সৰভোগ ষ্টেচনত ৰেল আৰক্ষীয়ে সাধাৰণ যাত্ৰীৰ দৰে আহি যুৱকজনৰ পৰা টিকট ক্ৰয় কৰিব বিচাৰিছিল। তেতিয়াই বৰপেটাৰোডৰ পৰা অহা ৰেল আৰক্ষীয়ে হাতে লোটে কৰায়ত্ত কৰে দাদাল ৰূপ খানক।