সৰভোগত অসম বিধানসভাৰ সাতগৰাকী বিধায়কৰ আগমন।

116

সৰভোগত অসম বিধানসভাৰ সাতগৰাকী বিধায়কৰ আগমন।

অসম চৰকাৰে বিধায়ক সকলক সাতজনীয়া কমিটি গঠন কৰি সমষ্টি পৰিদৰ্শন কৰিবলৈ দিয়ে ।

অসম বিধানসভাৰ সাতগৰাকী বিধায়কৰ চাৰিগৰাকী বিধায়ক প্ৰশান্ত ফুকন , মৃনাল শইকীয়া , আমিনুল ইছলাম আৰু দিগন্ত বৰ্মনে সৰভোগৰ PWD Rest House ত উপস্থিত হয় ।

বিধায়ক সকলক সংগ দিয়ে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ , বৰপেটা জিলা PWD ইঞ্জিনীয়াৰ জয়ন্ত গোস্বামী PWD Je তৰুণ চন্দ্ৰ ৰয় বৰনগৰ ৰাজহ চক্ৰ বিষয়া প্ৰাৰ্থ প্ৰতীম খনিকৰ এডিচি লগতে বিভিন্ন বিভাগৰ বিষয়ববীয়াই।

চাৰিখন জিলা বিলুপ্ত আৰু অসমত প্রচণ্ড শীতৰ মাজত অমানবীয় উচ্ছেদক লৈ বিধায়ক আমিনুল ইছলাম সৰৱ হৈ উঠে ।

বিজেপি চৰকাৰে অসমত হিটলাৰী শাসন চলাই আছে । যি মন যায় তাকে কৰে ।

বিজেপিৰ কিছুমান নেতাৰ কাৰণে চাৰিখন জিলা বিলুপ্ত কৰি সমষ্টি নিৰ্ধাৰণৰ প্ৰস্তুতি চলাই আছে।

এই হিটলাৰী শাসন অসমত এটা সময়ত অবসান গঠিব বুলি বিধায়ক আমিনুল ইছলামে উল্লেখ কৰে ।