সৰবৰাহৰ সময়তে ৰঙিয়াত ১২০ কেজি গাঞ্জা জব্দ

250

মঙলবাৰে অসম আৰক্ষীয়ে ৰঙিয়াত ১২০ কেজি ওজনৰ বৃহৎ নিষিদ্ধ গাঞ্জা জব্দ কৰে।

এন এল ০১ এন ৯৬২৭ নম্বৰৰ এখন ট্ৰাকৰ পৰা জব্দ কৰা গাঞ্জাখিনি জব্দ কৰাৰ লগতে ধমবীৰ সিং আৰু কিষাণ পাল নামৰ দুজন লোকক আটক কৰা হৈছে।

ৰঙিয়া ছ’চাইটিৰ ঘাইপথত নিশা অভিযান চলাই জব্দ কৰা হয় গাঞ্জাখিনি।

ৰঙিয়া আৰক্ষী থানাৰ অ’চি ভাস্কৰ মল্ল পাটোৱাৰীয়ে জনোৱা মতে, এই সন্দৰ্ভত অভিযুক্তক জেৰা কৰি থকা হৈছে।