ষ্টাফৰিপৰ্টাৰ, ৩ জুলাই : গুৱাহাটীৰ ৰাজগড় নিবাসী গড়কাপ্তানী বিভাগৰ অভিযন্তা প্ৰয়াত ৰজনী কান্ত শৰ্মাৰ পত্নী ৰেণুকা শৰ্মাৰ বৃহস্পতিবাৰে নিশা বৰ্ধক্যজনিত কাৰণত মৃত্য হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৩ বছৰ। তেওঁ সুৰবালা বৰদলৈয়ে প্ৰতিষ্ঠা কৰা “মানৱ কল্যাণ” কেন্দ্ৰৰ যোগে বহু মহিলাক হাতৰ কাম শিকাই নাৰীসৱলীকৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ বিভিন্ন সামাজিক কামৰ সৈতে জড়িত আছিল। শুকুৰবাৰে নৱগ্ৰহ শ্মশানত তেওঁৰ শেষ কৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ তিনি গৰাকী পুত্ৰ ,এগৰাকী বোৱাৰী ,দুগৰাকী কন্যা, জোৱাই,নাতি নাতিনী,নাতিজোৱাইৰ লগতে ভালে সংখ্যাক আত্মীয় কুতুম্বক এৰি থৈ যায়।
