স্বৰ্ণজয়ী নীৰজ চোপ্ৰালৈ ৰাষ্ট্ৰপতিৰ পৰম বিশ্বস্ত সেৱা পদক

97

টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক বিজয়ী এথলিট নীৰজ চোপ্ৰাক প্ৰদান কৰা হ’ব ৰাষ্ট্ৰপতিৰ পৰম বিশ্বস্ত সেৱা পদক। সেনাৰ ৪ নং ৰাজপুতানা ৰাইফলছ ৰেজিমেণ্টৰ চুবেদাৰ নীৰজ চোপ্ৰাক ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব এই সন্মান।

উল্লেখ্য যে, নীৰজ চোপ্ৰাকে ধৰি সেনাৰ মুঠ ৩৮৪ জন জোৱান তথা বিষয়াক বীৰত্বৰ বাবে ৰাষ্ট্ৰপতিয়ে মেডেল ঘোষণা কৰিছে। এই মেডেল সমূহৰ ভিতৰত আছে ১২ টা শৌৰ্য চক্ৰ, ২৯ টা পৰম বিশ্বস্ত সেৱা পদক, ৪ টা উত্তম যুদ্ধা সেৱা পদক, ৫৩ টা অতি বিশ্বস্ত সেৱা পদক, ১৩ টা যুদ্ধ সেৱা পদক আৰু ১২২ টা বিশিষ্ট সেৱা পদক।