স্বামীয়ে লটাৰীত জয় কৰিলে কোটি টকা! সেই টকা লৈ পৰ পুৰুষৰ সৈতে উধাও হ’ল পত্নী…

4969
Back view of a couple silhouette hugging and watching sun on the beach

ডিজিটেল ডেস্কঃ প্ৰায় দুটা দশকৰ সাংসাৰিক জীৱন। এজন ব্যক্তিয়ে কল্পনাও কৰিব নোৱাৰে যে এনেদৰে এটা মুহূৰ্ততে ভাঙি যাব এনে এখন দীঘলীয়া সংসাৰ। স্বামীয়ে লটাৰীত লাভ কৰিছিল প্ৰায় কোটি টকা। আৰু তাৰ পিছতে সংসাৰত কেৰোণ লাগে পতি-পত্নীৰ। স্বামীয়ে লটাৰীত জয় কৰা টকাৰে অন্য ব্যক্তিৰ সৈতে নতুন সংসাৰ আৰম্ভ কৰাৰ প্ৰয়াস চলালে পত্নীয়ে। এই ঘটনাই স্বাভাৱিকতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এনে এক আজৱ ঘটনা সংঘটিত হৈছে থাইলেণ্ডত। জানিব পৰা মতে লোকজনে লটাৰীত প্ৰায় ১.৩ কোটি টকা লাভ কৰিছিল। স্বাভাৱিকতে পৰিয়ালত সুখৰ জোৱাৰ উঠিছিল। ব্যক্তিজনে এই হঠাৎ পোৱা ধনৰ সৰু অংশ আত্মীয়ৰ মাজত বিতৰণ কৰাৰ সিদ্ধান্ত লয়। এটা ধৰ্মীয় অনুষ্ঠানলৈ কিবা এটা দান কৰাৰো পৰিকল্পনা কৰে। একেদৰে ঘৰুৱা অনুষ্ঠানৰ আয়োজন কৰা হয়। সুখেৰে জিলিকি উঠিছিল দম্পতীহাল। আগতীয়া দুৰ্যোগৰ কোনো লক্ষণ ক’তো দেখা নগ’ল।

সেই অনুষ্ঠানত ব্যক্তিজনে এজন অচিনাকি যুৱক থিয় হৈ থকা দেখিছিল। পত্নীক তেওঁৰ বিষয়ে সুধিছে। পত্নীয়ে ক’লে যে সেয়া তেওঁৰ দূৰৈৰ আত্মীয়। কিন্তু কিছু সময় পিছতে সলেই যুৱকজনৰ সৈতে উধাও হ’ল পত্নী। লগতে লটাৰীত জয় কৰা সমস্ত ধন লৈ যায় পত্নীয়ে।

অৱশেষত সেই ব্যক্তিজনে আৰক্ষীৰ কাষ চাপিব লাগে। কিন্তু সকলো ধ্বংস হোৱা দেখি আৰক্ষী কিছু আচৰিত হ’ল। কাৰণ, যিসকলক দম্পতী বুলি কোৱা হৈছে, তেওঁলোকৰ বিয়া আইনগতভাৱে হোৱা নাছিল। তেনে কোনো নথি-পত্ৰও নাই। কিন্তু তেওঁৰ বিয়া বহুদিনৰ পৰা হোৱা বুলি জনা যায়। তেওঁৰ সন্তানো আছে। ফলস্বৰূপে ইয়াত আইনী ব্যৱস্থা লোৱা সম্ভৱ নহয়।