স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক

145

বটদ্ৰৱাৰ লালুংগাওঁত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।স্বামীয়ে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে শনিবাৰে পাৰিবাৰিক কাজিয়াৰ ফলত স্বামী এমৰাদুল হুছেইনে পত্নী ৰূপচানা খাতুনক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ কৰিছে ৰূপচানাৰ পৰিয়ালৰ লোকে।

এমৰাদুল ইছলামে মৃত ৰূপচানাক প্ৰায়ে মাৰপিট কৰিছিল আৰু এমৰাদুলৰ প্ৰথমা পত্নীকো অত্যাচাৰ কৰি খেদাই দিছিল বুলি মন্তব্য কৰিছে ৰূপচানাৰ ভগ্নীয়ে।

উলেখ্য যে,বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত লালুংগাঁওৰ এমৰাদুল আৰু ধনীয়াভেটিৰ ৰূপচানাৰ তিনিমাহ পূৰ্বে বিয়া হৈছিল।

ভুক্তভোগী পৰিয়ালৰ লোকে বটদ্ৰৱা আৰক্ষী চকীত এমৰাদুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ৰুজু কৰিছে এটা গোচৰ।

আনহাতে স্বামী এমৰাদুল হুছেইনে হত্যাৰ কথা অস্বীকাৰ কৰি কৈছে যে পত্নীয়ে আইৰন ছাৰ্ফ খোৱাৰ ফলত তেওঁৰ মৃত্যু হৈছে।

এতিয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত তথ্য।