স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ…

52

নতুন দিল্লীঃ দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত শুকুৰবাৰে সন্ধিয়া দেশবাসীক সম্বোধন কৰি স্বাধীনতা দিৱসৰ শুভকামনা জ্ঞাপন কৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে। দেশবাসীক সম্বোধন কৰি তেওঁ কয় যে মহামাৰী কোৰোনাৰ পৰিপ্ৰেক্ষিতত এইবাৰ দেশবাসীয়ে স্বাধীনতা দিৱস ধুমধামেৰে পালন কৰিব নোৱাৰিব। স্বাধীনতাৰ বাবে মহাত্মা গান্ধীয়ে যি আদৰ্শৰ বাট দেখুৱাই থৈ গৈছে, সেই বাটেৰে দেশবাসী সদায় আগবাঢ়ি যাব বুলি মন্তব্য কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।

আনহাতে সমগ্ৰ বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা কোভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে ৰামনাথ কোৱিন্দে। তেওঁ কয় যে, সময় থাকোতে ভাৰত চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ ফলতেই আজি ভাৰতত কোৰোনা সংক্ৰমণ নিয়ন্ত্ৰিত হৈ আছে। মহামাৰী কোৰোনাৰ প্ৰভাৱ দেশৰ সংস্থাপন ক্ষেত্ৰত পৰা বুলিও মন্তব্য কৰে কোৱিন্দে।

আনহাতে পশ্চিমবংগ আৰু ওড়িশাত সন্ত্ৰাস চলোৱা আমফান ঘূৰ্ণী বতাহৰ প্ৰভাৱৰ ফলত হোৱা ক্ষতি সন্দৰ্ভত মন্তব্য কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কোৰোনাৰ মাজতে আমফানে যি সন্ত্ৰাস চলাই ক্ষতিসাধন কৰিলে, সেয়া অপূৰণীয়। কিন্তু দেশবাসীয়ে বিচলিত হৈ সাহসেৰে সকলো সমস্যাৰ বিৰুদ্ধে যুঁজ দি যাব লাগিব বুলি মন্তব্য কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে।