স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে বাক্সাৰ বৰমাত ইউপিপিএলৰ সজাগতামূলক শোভাযাত্ৰা

151

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশত চলি আছে স্বাধীনতাৰ অমৃত মহোৎসৱ। স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে ‌‌ ‌‌আ‌‍‌‌জি বাক্সা জিলাৰ বৰমাত উলিওৱা হয় এক বিশাল শোভাযাত্ৰা। বৰমাৰ আৰ্মী কেম্পৰ পৰা উলিওৱা এই শোভাযাত্ৰাত অংশ গ্ৰহণ কৰি বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফলভাৱে পালন কৰাৰ আহ্বান জনায়, লগতে স্বাধীনতা দিৱসৰ পিছতেই সকলোৱে পতাকা খনৰ প্ৰতি অসন্মান নকৰে তাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। লগতে প্ৰতি বছৰে স্বাধীনতা দিৱস পালন কৰাৰ বাবে এই পতাকাখন সযতনে আৰু সন্মান সহকাৰে ৰাখি থবলৈ পৰামৰ্শ আগবঢ়ায় কাৰ্যবাহী সদস্য গৰাকীয়ে। আনহাতে মুছলপুৰ জিলা ইউপিপিএলৰ সম্পাদক মইনুল হকে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী পালন কৰিবলৈ আহ্বান জনায়। কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ নেতৃত্বত আজি উলিওৱা এই মহান কাৰ্যসূচী পালন কৰাৰ বাবে লোৱা পদক্ষেপক আদৰণি জনায়।‌‌ প্ৰায় দু-হাজাৰ দলীয় কৰ্মী তথা সমৰ্থকে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ ‘ঘৰে ঘৰে ত্ৰিৰংগা’ “বন্দে মাতৰম্, ভাৰত মাতা কি জয়” আদি দেশপ্ৰেম মূলক শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে। আজিৰ এই কাৰ্যসুচীত ইউপিপিএলৰ মুছলপুৰ জিলা সমিতিৰ সভাপতি নৃপেন বড়ো, টিচিএলচিচিৰ অধ্যক্ষ মনেশ্বৰ বসুমতাৰীকে ধৰি বহু ব্যক্তি উপস্থিত থাকে।