স্বগৃহত আইশ্যলেট হৈ আছে অখিল গগৈ, GMCH ৰ চিকিৎসকে জনালে তেওঁৰ স্বাস্থ্যৰ কথা

74

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধায়ক অখিল গগৈৰ স্বাস্থ্য এতিয়া সুস্থিৰ হৈ আছে। এই কথা জানিবলৈ দিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (জিএমচিএইচ) অধীক্ষক ড০ অভিজিত শৰ্মাই।

যোৱা শনিবাৰে অখিল গগৈ আৰু তেওঁৰ পুত্ৰ-পত্নী কোৰোনাত আক্ৰান্ত হৈছিল।

প্ৰতিবেদন অনুসৰি, গগৈৰ অক্সিজেনৰ স্তৰ হ্ৰাস পাইছিল যাৰ পিছত তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁ পিছত ঘৰলৈ উভতি আহে আৰু এতিয়া আইশ্যলেট হৈ আছে।