স্পষ্ট কৰিলে ভূটান চৰকাৰে- বেদখল চলোৱা নাই চীনে

59

ডিজিটেল ডেস্ক: ‘ভূটানত গাওঁ স্থাপন কৰিছে চীনে ৷’ শুকুৰবাৰে দেশৰ আগশাৰীৰ সংবাদত এই বাতৰিয়ে স্থান লাভ কৰিছিল যদিও ভূটান চৰকাৰে এই কথা অস্বীকাৰ কৰিছে৷
ভূটান চৰকাৰে শনিবাৰে স্পষ্ট কৰি দিয়ে যে ভূটানত চীনে কোনো ধৰণৰ বেদখল চলোৱা নাই৷

ভূটানৰ সীমা অতিক্ৰমি ২.৫ কিলোমিটাৰ ভিতৰলৈ চীনে প্ৰৱেশ কৰা বুলি ছেটেলাইট ফুটেজত ধৰা পৰাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ কৰা হৈছিল৷ ছেটেলাইট ফুটেজত ধৰা পৰা এইখন ২০১৭ চনত হোৱা চীন-ভাৰতৰ ডকলাম বিবাদমান এলেকাৰ পৰা প্ৰায় ৯ কিলোমিটাৰ দূৰত্বত চীনৰ পাংডা গাওঁ৷ এন ডি টিভিয়ে প্ৰকাশ কৰা বাতৰিৰ পাছতেই ভূটানৰ ৰাজদুতে জনাই যে, চীন-ভূটান সীমান্তত বৰ্তমান কোনো সীমা সমস্যা চলি থকা নাই৷ চীনে ভূটানৰ এলেকাত বেদখল চলোৱা নাই৷ পূৰ্বে কিছু সীমা বিবাদ আছিল যদিও কৰ’নাৰ বাবে এইয়া বৰ্তমান চলি থকা নাই৷