সোণাৰিৰ নিচামুক্তি কেন্দ্ৰত ৰোগীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য

297

চৰাইদেউ জিলাৰ সোণাৰিৰ এটা নিচামুক্তি কেন্দ্ৰত এজন ব্যক্তিৰ মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ।

নিহত ব্যক্তিজনৰ নাম পুনাৰাম বাইলুং ওৰফে অনিল বাইলুং বুলি জানিব পৰা গৈছে।

পুনাৰামৰ পৰিয়ালৰ লোকে উত্থাপন কৰা অভিযোগ অনুসৰি তেওঁৰ মৃত্যু কেন্দ্ৰটোৰ কৰ্তৃপক্ষৰ পৰিকল্পিত হত্যাকাণ্ড আছিল।

নিচামুক্তি কেন্দ্ৰটোৰ বিৰুদ্ধেও আন বহু অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি ৰোগী সকলক ভুল চিকিৎসা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ ওপৰতো বহু অত্যাচাৰ চলোৱা হয়।