সোণাৰিত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক এজন

86

চৰাইদেউ জিলাৰ সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক হল এজন অট’চালক। চৰাইদেউ জিলাৰ উপ আৰক্ষী অধীক্ষক অনিতা কোঁৱৰৰ নেতৃত্বত নামতোলা আৰক্ষীয়ে চলোৱা অভিযানত আটক হয় গাঞ্জা সৰবৰাহকাৰীজন।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে অটো চালকজনে নামতোলাৰ পৰা সোণাৰিলৈ AS 04 BC 4260 নম্বৰৰ অটো খনেৰে গাঞ্জা খিনি সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে আটক কৰে। ধৃত গাঞ্জা সৰবৰাহকাৰীজনক ৰাজেন কুৰ্মী বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত নামতোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰেশ দত্ত, চিআৰপিএফ আৰু গাওঁৰক্ষী বাহিনীৰ সদস্যৰ সহযোগত চলোৱা অভিযানত উদ্ধাৰ কৰা গাঞ্জাখিনি মূল্য লক্ষ্যাধিক টকাৰ হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।