সোণাৰিত পুত্ৰক বচাবলৈ পুখুৰীত জাপ দিলে পিতৃয়ে, দুয়োজনেই হেৰুৱালে প্ৰাণ

78

সোণাৰিৰ চফ্ৰাইত সংঘটিত এক হৃদয় বিদাৰক ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। শনিবাৰে বিয়লি চফ্ৰাই ১ নং বৰপথাৰ গাঁৱৰ পিতা-পুত্ৰৰ পুখুৰীত মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটে।

জানিব পৰা মতে, মুহি চাওৰা (৩৭) আৰু তেওঁৰ ৭ বছৰীয়া পুত্ৰ ৰাজ চাওৰাই শনিবাৰে বিয়লি নিজৰ ঘৰৰ পুখুৰীত মাছ মাৰিবলৈ গৈছিল। কিন্তু পুত্ৰ ৰাজ হঠাৎ পানীত পৰি যোৱাত পিতৃয়ে পুত্ৰক বচাবলৈ নিজেও পুখুৰীত জাপ দিয়ে। কিন্তু প্ৰায় ১২ ফুট দ পুখুৰীত ঠাউনি নাপাই অৱশেষত পিতা-পুত্ৰ দুয়োজনৰে কৰুণ মৃত্যু ঘটে। এই ঘটনাত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ সৃষ্টি কৰিছে।