সোণাৰিত নিৰ্মম হত্যাকাণ্ড! সুৰাৰ ৰাগীত পত্নীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে স্বামীক

66

সুৰাৰ ৰাগীত মাতাল পত্নীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে নিদ্ৰাৰত স্বামীক। এই নিৰ্মম কাণ্ড সংঘটিত হৈছে সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ঔগুৰি লুখুৰাখন যদুবস্তি গাঁৱত।

ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে নিশা একেলগে সুৰাপান কৰিছিল গাঁওখনৰ নিবাসী ভৱেশ্বৰ মুড়া (৫৫) আৰু পত্নী মিনু মুড়াই। কিন্তু সুৰাপানৰ পাছতে দুয়ো কাজিয়াত লিপ্ত হয়।

সেই সময়ত তেওঁলোকৰ দুই পুত্ৰই কাজিয়া ভাঙি দুয়োকে বিচনাত শোৱাই থৈ কিছু সময়ৰ বাবে ঘৰৰ পৰা ওলাই যায়। আৰু তাৰ সুযোগতে মিনু মুড়াই শুই থকা স্বামীক কুঠাৰেৰে ঘপিয়াই নিৰ্মমভাৱে হত্যা কৰে।

ইফালে চিঞৰ বাখৰ শুনি ওচৰতে থকা দুই পুত্ৰ আৰু স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয় যদিও তেতিয়ালৈকে মৃত্যু ঘটে ভৱেশ্বৰ মুড়াৰ। পিছত স্থানীয় আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু হত্যাকাৰী মিনু মুড়াক গ্ৰেপ্তাৰ কৰে।