সোণাপুৰৰ ১৪ মাইলত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলি ভষ্মীভূত কাৰখানা

82

সোণাপুৰৰ ১৪ মাইলত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি ছাই হ’ল এটা কাৰখানা। ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা শিৱা পলিমাৰ নামৰ এটা বস্তা নিৰ্মাণ কাৰখানাত শুকুৰবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।

এই অগ্নিকাণ্ডত কাৰখানাটোৰ কেইবা কোটি টকাৰ সম্পত্তি জ্বলি ভষ্মীভূত হয়। প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে নিশা প্ৰায় ৯:০০ বজাত ঘটনাস্থলীত উপস্থিত হোৱা অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে নিৰন্তৰ জুই নিৰ্বাপিত কৰাৰ চেষ্টা কৰি আছে।

ঘটনাস্থলীত উপস্থিত হোৱা মেঘালয়ৰ নংপো, বাৰ্ণিহাট, অসমৰ সোনাপুৰ আৰু গুৱাহাটীৰ পৰা যোৱা অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰায় ১০ খন গাড়ীয়ে নিৰন্তৰ ভাৱে জুই নুমুৱাবলৈ চেষ্টা কৰি আছে।

প্লাষ্টিকৰ বস্তা তৈয়াৰ কৰা কাৰখানাটোত শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
অগ্নিকাণ্ডৰ ফলত কেইবা কোটি টকাৰ সম্পত্তি ধ্বংস হোৱাৰ সন্দেহ কৰা হৈছে।