সোণাপুৰত ১৫ কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ

268

অসম আৰক্ষীয়ে শনিবাৰে পুৱা সোণাপুৰত ১৫ কোটি টকাৰ বৃহৎ পৰিমাণৰ অবৈধ ইয়াবা টেবলেট জব্দ কৰে।

সূত্ৰই জনোৱা মতে, নাজিৰাখাতৰ টোলগেটত আৰক্ষীয়ে আটক কৰে ‘ডি এল ৭চি কে ৮৭৭৮’ নম্বৰৰ এখন বাহন।

নিয়মীয়া পৰীক্ষাৰ সময়ত গাড়ীখনৰ পৰা সৰু বেগত ভৰ্তি বৃহৎ পৰিমাণৰ টেবলেট উদ্ধাৰ কৰা হয়।

জানিব পৰা মতে মণিপুৰৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি আহিছিল।

ইফালে, জব্দ কৰাৰ সন্দৰ্ভত গাড়ীখনৰ চালকজনক আটক কৰা হৈছে।

চালকজনৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।