সোণাপুৰত শীঘ্ৰেই দুটা নতুন ক’ভিড কেয়াৰ কেন্দ্ৰ আৰম্ভ হ’ব

63

ষ্টাফৰিপৰ্টাৰ, সোণাপুৰত শীঘ্ৰেই দুটা নতুন ক’ভিড কেয়াৰ কেন্দ্ৰ আৰম্ভ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে ৷ ইয়াৰে এটা কেন্দ্ৰ “আছাম ডন বস্কো ইউনিভাৰ্চিটী”ত আৰু আনটো কেন্দ্ৰ “লক্ষ্মীবাঈ নেচনেল ইনষ্টিটিউট অব্ ফিজিকেল এডুকেচন”ত স্থাপন কৰা হ’ব ৷ কেন্দ্ৰ দুটাত ক্ৰমে ৩৫০খন আৰু ১৫০খন বিচনা থাকিব ৷
শুকুৰবাৰে দুয়োখন ঠাই পৰিদৰ্শন কৰি কামৰ অগ্ৰগতি তথা প্ৰস্তুতিৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।