গুৱাহাটী:- সোণাপুৰৰ ডিগৰু চাৰিআলিত এজন লোকক হাতুৰীৰে মৰিয়াই হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে সদৰী কৰা মতে, নিশা আৰক্ষীয়ে খবৰ লাভ কৰে যে ডিগৰু চাৰি আলিৰ এটা গেৰেজত আঘাত প্ৰাপ্ত হৈ পৰি আছে এজন ব্যক্তি। লগে লগে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আঘাতপ্ৰাপ্ত হেমন্ত মণ্ডলক স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে মৃত্যুক আঁকোৱালি লয় লোকজনে।
তাৰ পিছতে ঘটনাৰ অনুসন্ধান চলাই আৰক্ষীয়ে গেৰেজটোৰ নাইট চকীদাৰ হিচাপে কৰ্মৰত ৰাকেশ কৰ্মকাৰ নামৰ ২৬ বছৰীয়া যুৱকজনক আটক কৰে। পৰৱৰ্তী সময়ত এই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে যুৱকজনে। আনহাতে হত্যাকাণ্ডত ব্যৱহৃত হাতুৰীটোও জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।
হেমন্ত মণ্ডল নামৰ লোকজনে বহু দিনৰ পৰা মানসিক নিৰ্যাতন চলাই অহাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰে ধৃত ৰাকেশ কৰ্মকাৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।