সূৰ্যকুমাৰৰ অপ্ৰতিৰোধ্য ৭৯ ৰানৰ ইনিংছ, ৰয়েলছক পৰাভূত মুম্বাইৰ…

71

ডিজিটেল ডেস্কঃ মঙলবাৰে শ্বেখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজৰ খেলখনত ৰাজস্থান ৰয়েলছক ৫৭ ৰানত পৰাস্ত কৰি পুনৰ এবাৰ জয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হ’ল মুম্বাই ইণ্ডিয়ানছে। খেলখনত টছত জিকি মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। মুম্বাই ইণ্ডিয়ানছে সূৰ্যকুমাৰ যাদৱৰ অপ্ৰতিৰোধ্য ৭৯ ৰানৰ ইনিংছটোৰে নিৰ্ধাৰিত অভাৰত ১৯৩ ৰান সংগ্ৰহ কৰে। হাৰ্ডিক পাণ্ডিয়া ৩০ ৰান কৰি নট আউট হৈ থাকে।

ইফালে ১৯৪ ৰানৰ লক্ষ্য সন্মুখত লৈ ক্ৰিজত নমা ৰাজস্থান ৰয়েলছৰ জছ বাটলাৰৰ বাহিৰে শীৰ্ষ বেটিং অৰ্ডাৰ ব্যৰ্থ হোৱা দেখা যায় কালিৰ খেলখনত। জছ বাটলাৰে ৭০ ৰান কৰি দলক এক মজবুত স্থিতি প্ৰদানৰ চেষ্টা কৰিলেও ব্যৰ্থ হ’ল অধিনায়ক ষ্টীভ স্মিথকে ধৰি অন্য বেটছমেন সকল। যাৰ ফলত ১৮.১টা বলতে ৰাজস্থান ৰয়েলেছে আটাইকেইটা উইকেট হেৰুৱায় সংগ্ৰহ কৰে মাত্ৰ ১৩৬ ৰান। মুম্বাই ইণ্ডিয়ানছৰ হৈ যশপ্ৰীত বুমৰাহে সৰ্বাধিক ৪টা উইকেট দখল কৰে মাত্ৰ ২০ ৰান খৰছ কৰি। জনছ পেটিনছন আৰু ট্ৰেণ্ট বল্টে লাভ কৰে দুটাকৈ উইকেট।

উল্লেখ্য যে, শ্বেখ জায়েদ ষ্টেডিয়ামত আজি আইপিএলৰ খেলত সন্মুখ সমৰত অৱতীৰ্ণ হ’ব দীনেশ কাৰ্তিকৰ কলকতা নাইট ৰাইডাৰ্ছ আৰু কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই চুপাৰ কিংগছ। সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব এই খেলখন।