সুশান্ত সিঙৰ ষ্টাফ মেম্বাৰক সোধপোছ চিবিআইৰ, তদন্তৰ প্ৰতিবেদন বিচাৰি উপস্থিত হ’ল মুম্বাইত…

57

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে অভিনেতা সুশান্ত সিঙ গোচৰৰ তদন্তভাৰ চিবিআইক অৰ্পণ কৰাৰ পিছতে শুকুৰবাৰে চিবিআইৰ এটা বিশেষ দলে মুম্বাইত অভিনেতাজনৰ ষ্টাফ মেম্বাৰক সোধাপোছা চলায়৷ জানিব পৰা মতে, বৃহস্পতিবাৰে নিশাই মুম্বাইত উপস্থিত হৈছিল চিবিআইৰ ১০জনীয়া বিশেষ দলটো৷ এই দলটোৰ নেতৃত্ব দিছে এছ পি নূপুৰ প্ৰসাদে৷ দলটোত আছে ফৰেনচিক এক্সপাৰ্টো৷

চিবিআইৰ বিশেষ দলটোৱে শুকুৰবাৰে মুম্বাই আৰক্ষীৰ শীৰ্ষ বিষয়াক সাক্ষাৎ কৰি সুশান্ত সিং গোচৰৰ তদন্তৰ প্ৰতিবেদন মুম্বাই আৰক্ষীৰ পৰা হস্তান্তৰ কৰে৷ ইয়াৰ পিছতে দলটোৱে অভিনেতাজনৰ ৰান্ধনীজনক সোধা পোছা কৰে ঘটনা সন্দৰ্ভত৷ জানিব পৰা মতে, চিবিআইৰ বিশেষ দলটোৱে মুম্বাই আৰক্ষীৰ পৰা গোচৰৰ সমস্ত তথ্য হস্তান্তৰ কৰাৰ লগতে অভিনেতাজনৰ মৰোণত্তৰ পৰীক্ষা কৰা চিকিৎসককো সোধপোছ কৰিব৷

প্ৰণিধানযোগ্য যে, ২৪ জুনত মুম্বাইৰ নিজা এপাৰ্টমেন্টত উদ্ধাৰ হৈছিল অভিনেতা সুশান্ত সিঙৰ মৃতদেহ৷ মুম্বাই আৰক্ষীয়ে চলোৱা তদন্তত এয়া এক আত্মহত্যা কাণ্ড বুলি উল্লেখ কৰা হ’লেও পৰৱৰ্তী সময়ত পোহৰলৈ অহা বিভিন্ন তথ্যৰ ভিত্তিত সুশান্ত সিঙৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড বুলি দাবীৰ উত্থাপন হয়৷ বিহাৰ চৰকাৰেও অভিনেতাজনৰ মৃত্যুকাণ্ডৰ তদন্ত চিবিআইয়ে কৰাৰ দাবী তোলে৷ তাৰ পিছতে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক ৰাজহুৱা আবেদনৰ শুনানি গ্ৰহণ কৰি বুধবাৰে ন্যায়ালয়ে ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰে৷