সুশান্ত সিঙৰ প্ৰাক্তন একাউণ্টেন্টৰ বিস্ফোৰক মন্তব্য- ৰিয়াৰ বাবে ষ্টাফৰ ওপৰত বিশ্বাস হেৰুৱাইছিল সুশান্তে…

61

মুম্বাইঃ ২৪ জুনত মুম্বাইৰ এপাৰ্টমেণ্টত উদ্ধাৰ হৈছিল সুশান্ত সিং ৰাজপুতৰ মৃতদেহ। প্ৰাথমিক তদন্তত মুম্বাই আৰক্ষীয়ে অভিনেতাজনে ফাঁচী লগাই আত্মহত্যা কৰা বুলি ক’লেও তদন্তত প্ৰতিদিনে পোহৰলৈ আহিছে ন ন তথ্য। এইবাৰ অভিনেতাজনৰ প্ৰাক্তন একাউণ্টেন্ট জগত মেৱাতীয়ে সুশান্ত সিঙ সন্দৰ্ভত প্ৰকাশ কৰিলে আন কিছু তথ্য।

প্ৰায় ২ বছৰ কাল সুশান্তৰ চিনিয়ৰ একাউণ্টেন্ট হিচাপে দায়িত্ব পালন কৰা জগত মেৱাতীয়ে সুশান্ত সিঙৰ মৃত্যুক লৈ পৰোক্ষভাৱে অভিনেত্ৰী তথা সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীকে জগৰীয়া কৰে। তেওঁ কয় যে, সুশান্ত সিং ৰাজপুতৰ ভগ্নী প্ৰিয়ংকাই ঘৰ এৰাৰ পিছত অভিনেত্ৰী প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ আহ যাহ সঘনাই হ’বলৈ ধৰে। তাৰ পিছত শ্ৰুতি মোডীৰো প্ৰৱেশ ঘটে সুশান্তৰ আৱাসত। তেতিয়ালৈকে সকলো ঠিকেই আছিল, কিন্তু ২০১৯ৰ ছেপ্তেম্বৰৰ পিছত যেন সকলো সলনি হ’বলৈ ধৰে।

‘ৰিয়াৰ আগমণৰ পিছত আগতে সুশান্ত ছাৰ আৰু আমাৰ মাজত যি সদভাৱ আছিল, সেয়া নোহোৱা হৈ পৰে। ৰিয়া চক্ৰৱৰ্তীয়ে লাহে লাহে ষ্টাফসমূহক কামৰ পাৰ বিদায় দিবলৈ আৰম্ভ কৰিলে। প্ৰথমে অশোকক, তাৰ পিছত মোকো কামৰ পৰা উলিয়াই দিয়া হ’ল।’- জগত মেৱাতীয়ে এইদৰে কয়।

আনহাতে সুশান্ত সিং মানসিক হতাশাত ভুগিছিল নেকি সেই সন্দৰ্ভতো মত ব্যক্ত কৰে জগত মেৱাতীয়ে। তেওঁ কয়, ‘সুশান্তে দৰৱ খাইছিল, কিন্তু কিহৰ বাবে খাইছিল মই সেয়া নাজানো। মোৰ বোধেৰে তেওঁ হতাশগ্ৰস্ততাত ভুগা নাছিল। তেওঁৰ ডেংগু ৰোগত আক্ৰান্ত হৈছিল। কিন্তু এমাহ হৈ যোৱাৰ পিছতো তেওঁ দৰৱ খাই আছিল।’ ৰিয়া চক্ৰৱৰ্তীৰ আগমনৰ পিছত সুশান্ত সিঙৰ খৰছৰ মাত্ৰাও অধিক বৃদ্ধি পাইছিল বুলি মন্তব্য কৰে মেৱাতীয়ে।