সুশান্ত সিঙৰ ন্যায়ৰ বাবে যিসকলে যুঁজ দিছিল, তেওঁলোকে নায়ক পৰিয়ালকো ন্যায় দিয়ক…

67

ডিজিটেল ডেস্কঃ অসম সন্তান অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে দেশত মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে। ছ’চিয়েল মিডিয়াত অৰ্ণৱৰ সপক্ষে আৰু বিপক্ষে ট্ৰেণ্ড চলাও পৰিলক্ষিত হৈছে। কিন্তু প্ৰকৃততে কি আছিল অৰ্ণৱক গ্ৰেপ্তাৰ কৰা গোচৰ। ২০১৮ চনত ৫৩ বৰ্ষীয় এগৰাকী ইণ্টেৰিয়ৰ ডিজাইনাৰ অনভয় নায়কৰ দ্বাৰা অৰ্ণৱে ষ্টুডিঅ’ত ডিজাইনৰ কাম কৰিছিল। কাম কৰাৰ অন্তত ডিজাইনাৰ অনভয়ক প্ৰাপ্য আদায় নিদিয়া বুলি চুইছাইড নোটত উল্লেখ কৰি থৈ আত্মহত্যা কৰিছিল ইণ্টাৰিয়ৰ ডিজাইনাৰগৰাকী আৰু তেওঁৰ মাতৃয়ে।

উক্ত গোচৰটো ৰিপাব্লিক টিভি কৰ্তৃপক্ষই নিষ্পত্তি কৰা বুলি প্ৰচাৰ কৰিছিল। সেই সময়ত মহাৰাষ্ট্ৰত চৰকাৰ আছিল বিজেপি আৰু শিৱসেনা মিত্ৰজোঁটৰ। সেই সময়ত গোচৰটোক লৈ মুম্বাই আৰক্ষীয়ে গুৰুত্ব সহকাৰে লোৱা নাছিল যদিও কংগ্ৰেছ, এনচিপি আৰু শিৱসেনাই লগ লাগি চৰকাৰ গঠন কৰাৰ পিছতে এই গোচৰৰ পুনৰ তদন্ত আৰম্ভ কৰে।

উল্লেখ্য যে, অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা আৰু অভিনেত্ৰী কংগনা ৰাণাৱটৰ গৃহৰ এটা অংশ বৃহ মুম্বাই নগৰপালিকাই ভাগি পেলোৱাত অৰ্ণৱে মহাৰাষ্ট্ৰ চৰকাৰ তথা মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, শিৱসেৱাৰ নেতা সঞ্জয় ৰাউট, গৃহমন্ত্ৰী অনিল দেশমুখ আদিৰ নাম লৈ কটু সমালোচনা কৰাই নহয়, প্ৰত্যাহ্বান জনাই আহিছিল। তাৰ পিছতে গৃহমন্ত্ৰী অনিল দেশমুখে অনভয় নায়কৰ আত্মহত্যাৰ গোচৰৰ ওপৰত তদন্ত কৰা হ’ব বুলি ঘোষণা কৰিছিল।

ইফালে যিগৰাকী ইণ্টেৰিয়ৰ ডিজাইনাৰে তেওঁৰ চুইছাইড নোটত অৰ্ণৱ গোস্বামীয়ে ৮৩ লাখ টকা নিদিয়াৰ বাবে আত্মহত্যা কৰা বুলি লিখি থৈ গৈছিল, তেওঁৰ কন্যা আৰু পত্নীয়ে অৰ্ণৱক গ্ৰেপ্তাৰ কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ মিডিয়াৰ সন্মুখলৈ আহে। অনভয় নায়কৰ পত্নী অক্ষিতা নায়কে কয়, ‘মই মহাৰাষ্ট্ৰ আৰক্ষীক ধন্যবাদ জনাইছো। কিয়নো তেওঁলোকৰ বাবেই আজি মই ন্যায় লাভৰ দিশে আগবাঢ়িব পাৰিছো। মই এতিয়ালৈকে বহু ধৈৰ্য ধৰিছো। এয়া সত্য যে মোৰ স্বামী আৰু শাহু মা আৰু উভতি নাহে, কিন্তু আজিও তেওঁলোক মোৰ বাবে জীৱিত হৈয়ে আছে।’

অক্ষিতা নায়কে অৰ্ণৱ গোস্বামীক সমালোচনা কৰি পুনৰ কয়, ‘মই সকলোকে হাতযোৰ কৰি অনুৰোধ কৰিছো যাতে নায়ক পৰিয়ালে ন্যায় লাভ কৰে। তাৰ বাবে আপোনালোকে সহায় কৰক। যিজন লোকে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত ন্যায়ৰ বাবে যুঁজ দিছিল, তেওঁলোকে নায়ক পৰিয়ালৰ বাবেও যুঁজ দিয়ক। সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিলে, সেয়া দুখজনক। অৰ্ণৱ গোস্বামীয়ে তাৰ বাবে হৈ হাল্লা কৰিলে। কিন্তু তেওঁৰ বাবেই মোৰ স্বামী আৰু শাহুৱে আত্মহত্যা কৰিলে।’