অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত। কাৰো হাতত উত্তৰ নাই, কিয় এই পন্থা ল’লে অভিনেতাজনে? কোনোবাই যদি কিবা কাৰণ উল্লেখ কৰিছে, সেয়াও আনুমানিক। কোনেও নাজানে এজাক সপোন খেদি ফুৰা ল’ৰাজন কিয় গুচি গ’লগৈ।
শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে সুশান্ত সিং ৰাজপুতৰ সপোনবোৰৰ তালিকা। নিজ হাতেৰে লিখা তালিকাখনত সুন্দৰ হাতৰ আখৰেৰে সুশান্তই লিপিবদ্ধ কৰিছিল সপোনবোৰ। এই তালিকা লক্ষ্য কৰিলে বুজা যায় কিমান উচ্চাকাংক্ষা আছিল অভিনেতাজনৰ।
ভাইৰেল হোৱা সপোনৰ তালিকাখনৰ একাংশত উল্লেখ থকা অনুসৰি, মহিলাক আত্মৰক্ষাৰ বাবে প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত সহায় কৰিব বিচাৰিছিল সুশান্তই। ইয়াৰ উপৰি শিশুসকলক অন্তত ১০টা ফৰ্মত নৃত্য শিকোৱা, এখন লেম্বৰঘিনি বাহনৰ গৰাকী হোৱা আদি সপোনো উল্লেখ আছে।
ইয়াৰ উপৰি, বিনামূলীয়া শিক্ষাৰ বাবে কাম কৰা, এটা শক্তিশালী টেলিস্কোপেৰে মহাকাশত বিচৰণ কৰা, এণ্টাৰ্কটিকা যাত্ৰা, আগ্নেয়গিৰিৰ ফটো সংগ্ৰহ কৰা আদি সপোনো তালিকাত উল্লেখ কৰিছিল সুশান্ত সিং ৰাজপুতে। ইমানবোৰ সপোন খেদি ফুৰা অভিনেতাজনে কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া যেন এক সাঁথৰ।