সুশান্ত সিং আত্মহত্যা কাণ্ডৰ চিবিআই তদন্তৰ বাবে আবেদন দাখিল: ৭ আগষ্টলৈ শুনানি স্থগিত বোম্বে হাইক’ৰ্টৰ

90

ডিজিটেল ডেস্ক:- অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা কাণ্ডৰ চিবিআই তদন্তৰ বাবে দাখিল কৰা এখন ৰাজহুৱা আবেদনৰ শুনানি বৃহস্পতিবাৰে ৭ আগষ্টলৈ স্থগিত ৰাখে বোম্বে উচ্চ ন্যায়ালয়ে।

উল্লেখযোগ্য যে যোৱা ২৪ জুনত মুম্বাইৰ নিজা এপাৰ্টমেণ্টত উদ্ধাৰ হৈছিল অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ। এই ঘটনাৰ তদন্ত চলাই মুম্বাই আৰক্ষীয়ে এয়া এক আত্মহত্যাৰ ঘটনা বুলি নিশ্চিত কৰে যদিও পৰৱৰ্তী সময়ত পোহৰলৈ অহা আন কিছু তথ্যৰ ওপৰত ভিত্তি কৰি এয়া আত্মহত্যা নহয় বুলি দাবী কৰে অভিনেতাগৰাকীৰ পৰিয়াল তথা অনুৰাগীয়ে।

এনে পৰিপ্ৰেক্ষিততে এই ঘটনাৰ চিবিআই তদন্তৰ দাবী জনাই পৰিয়াল তথা একাংশ লোকে। কিন্তু মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰীয়ে ঘটনাৰ চিবিআই তদন্ত কৰিবলৈ পোনচাটেই অস্বীকাৰ কৰাত ন্যায়ালয়ৰ দাৰস্থ হয় সুশান্ত সিঙৰ পৰিয়াল।

বৃহস্পতিবাৰে আদালতত মহাৰাষ্ট্ৰ চৰকাৰে কয় যে চিবিআই তদন্তৰ বাবে দাখিল কৰা আবেদনৰ কপি চৰকাৰক প্ৰদান কৰা হোৱা নাই। তাৰ পিছতে বোম্বে উচ্চ ন্যায়ালয়ে আবেদনকৰ্তাক আবেদনৰ কপি চৰকাৰী অধিবক্তাক প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।