সুশান্ত গোচৰত গ্ৰেপ্তাৰ হ’ব পাৰে ৰিয়া, কিন্তু কেতিয়া…

72

ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু কাণ্ডক লৈ এতিয়াও তোলপাৰ সমগ্ৰ দেশ। এই ঘটনাৰে জড়িত ন ন তথ্য প্ৰতিদিনেই পোহৰলৈ অহাত অভিনেতাজনৰ মৃত্যু ৰহস্য অধিক ঘণীভূত হৈ পৰিছে। আনহাতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে এই গোচৰৰ তদন্ত বৰ্তমান চিবিআইয়ে অব্যাহত ৰাখিছে।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰে জড়িত প্ৰতিটো বিষয় অতি তন্ন তন্নকৈ পৰীক্ষা নিৰীক্ষা চলাই তদন্ত আগুৱাই নিয়া কেন্দ্ৰীয় সংস্থা চিবিআইয়ে অভিনেতাজনৰ প্ৰাক্তন প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰিব পাৰে। সোমবাৰে এই সম্ভাৱনা ব্যক্ত কৰিছে সুশান্তৰ পিতৃৰ অধিবক্তা বিকাশ সিঙে। জানিব পৰা মতে, সুশান্ত গোচৰত সোধা পোছাৰ বাবে ইতিমধ্যে চিবিআইয়ে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীলৈ চমন জাৰি কৰিছে।

সুশান্ত সিঙৰ মৃত্যু গোচৰৰ তদন্তত যদি ৰিয়াই সহযোগ নকৰে অথবা চিবিআইৰ প্ৰশ্নৰ প্ৰতাড়নামূলক মন্তব্য প্ৰদান কৰে তেন্তে ৰিয়া চক্ৰৱৰ্তীক চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ আশংকা ব্যক্ত কৰিছে অধিবক্তা বিকাশ সিঙে। সুশান্ত সিঙৰ পিতৃৰ অধিবক্তা গৰাকীয়ে কয়, ‘এক কঠোৰ আৰু পৰিশ্ৰমী তদন্তৰ অন্তত চিবিআইয়ে ৰিয়ালৈ চমন জাৰি কৰিছে। তেওঁলোকে এই তদন্তৰ খাতিৰত সকলোকে পৰীক্ষা নিৰীক্ষা কৰিছে। এবাৰ তেওঁলোকে তেওঁৰ প্ৰাথমিক তদন্ত সম্পূৰ্ণ কৰাৰ পিছত ৰিয়াক সোধা পোছা কৰিব। যদি এই সোধাপোছাত ৰিয়াই সঠিক উত্তৰ নিদিয়ে বা তদন্তত সহযোগ নকৰে, তেন্তে তেওঁৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। মই আশা কৰো তদন্তকাৰী সংস্থাটোৱে সঠিক বাটেৰে আগবাঢ়িবলৈ সক্ষম হ’ব।’

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে সুশান্ত সিঙ গোচৰৰ তদন্তভাৰ লাভ কৰা চিবিআইয়ে এটা ১০জনীয়া বিশেষ দল মুম্বাইলৈ প্ৰেৰণ কৰে। চিবিআইৰ দলটোৱে মুম্বাইত সুশান্তৰ ৰান্ধনী নিৰজক সোধা পোছা কৰাৰ লগতে অভিনেতাজনৰ মৰোণত্তৰ পৰীক্ষা কৰা চিকিৎসকগৰাকীকো সোধাপোছা চলায়। আনহাতে সোমবাৰে চিবিআইৰ দলটো মৃত্যুৰ পিছত সুশান্তৰ মৃতদেহ ৰখা ক’পাৰ হাস্পতালতো উপস্থিত হৈ তদন্ত চলায়।