সুশান্তৰ ঘৰলৈ সঘনাই আহিছিল ৰিয়া আৰু ভাতৃঃ ক’লে ৰান্ধনী নিৰজে…

61

ডিজিটেল ডেস্কঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুকাণ্ডৰ তদন্ত কৰি থকা চিবিআইৰ এটা ১০জনীয়া দলে সোধাপোছা চলাইছে অভিনেতাজনৰ ৰান্ধনী নিৰজকো। বৃহস্পতিবাৰে মুম্বাইত উপস্থিত হোৱা চিবিআইৰ দলটোৱে শুকুৰবাৰে মুম্বাই আৰক্ষীৰ পৰা তদন্তৰ প্ৰতিবেদন হস্তান্তৰ কৰাৰ লগতে ৰান্ধনী নিৰজক সোধাপোছা কৰে।

সুশান্তৰ ৰান্ধনী নিৰজে পূৰ্বতেই মন্তব্য কৰিছে যে সুশান্তৰ মৃত্যু দিনাখন তেওঁ ফলৰ ৰস খাবলৈ দিছিল। সেইদিনা সুশান্তই প্ৰাতঃভ্ৰমণলৈ যোৱা বুলিও নিৰজে ইতিমধ্যে জানিবলৈ দিছে। ৰান্ধনী নিৰজে অৱগত কৰা অনুসৰি, অভিনেতাজনৰ মৃত্যুৰ দিনাখন তেওঁ সম্পূৰ্ণ স্বাভাৱিক আছিল আৰু সাধাৰণভাৱেই কৰ্মচাৰী আৰু ষ্টাফৰ সৈতে কথাও পাতিছিল।

আনহাতে ১২ জুনত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী সুশান্তৰ বাসগৃহলৈ আহিছিল বুলি আৰক্ষীৰ সন্মুখত উল্লেখ কৰিছে নিৰজে। তেওঁৰ কোৱা অনুসৰি, ৰিয়া আৰু তেওঁৰ ভাতৃ সুশান্তৰ ঘৰলৈ প্ৰায়ে আহিছিল। ২০১৯ৰ ডিচেম্বৰত সুশান্ত ইউৰোপৰ পৰা উভতি অহাৰ পিছতে যথেষ্ট দুৰ্বল হৈ পৰিছিল। মৃত্যুৰ দিনা পুৱা ৬ বজাত উঠি সুশান্তে খোজ কাঢ়িছিল আৰু তাৰ পিছত ৰান্ধনী নিৰজক পানী বিচাৰিছিল খাবলৈ। কিন্তু নিৰজে পানী আনি দিয়াৰ পূৰ্বেই সুশান্ত ওপৰ মহলালৈ যায় আৰু কোঠাৰ ভিতৰত নিজকে আৱদ্ধ কৰে।

অভিনেতাজনৰ বাবে খাদ্য প্ৰস্তুত কৰি যেতিয়া নিৰজে সেয়া দিবলৈ ওপৰ মহলালৈ যায়, তেতিয়া বহুবাৰ মতাৰ পিছতো কোঠাৰ ভিতৰৰ পৰা একো উত্তৰ পোৱা নাছিল। সেই কাৰণেই সন্দেহ হোৱাত নিৰজে সুশান্তৰ ভগ্নীলৈ ফোন কৰে আৰু মানুহ মাতি দুৱাৰখন খোলাত ভিতৰত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে অভিনেতা সুশান্তৰ মৃতদেহ।