সুখবৰ! ব্রিটেনত মানৱদেহত নতুন কোৰোণা ভেকচিনৰ ট্ৰায়েল আৰম্ভ!

80

লণ্ডনঃ কোৰোণাৰ ভয়াৱহ সংক্ৰমণ দিনক দিনে বৃদ্ধি পোৱাৰ সময়তে আহিছে কিছু আশাৰ বতৰা। মাৰাত্মক ভাইৰাছক প্ৰতিহত কৰিবলৈ একমাত্ৰ উপায় হৈছে ভেকচিন আৰু এই ভেকচিন প্ৰস্তুতৰ কাম বিভিন্ন দেশত আৰম্ভ হৈছে। কামত কিমান সফলতা পোৱা গৈছে তাৰ খবৰ পোৱা যাব শীঘ্ৰেই কাৰণ ব্ৰিটেইনত নতুন ভেকচিনৰ ট্ৰায়েল আৰম্ভ হৈছে মানৱ দেহত।
আগন্তুক কেবা সপ্তাহত কমেও ৩০০ জনৰ শৰীৰত কোৰোণাৰ এই নতুন ভেকচিনৰ ট্ৰায়েল আৰম্ভ কৰাৰ কথা জনাইছে সংবাদসংস্থা বিবিচিৰ সূত্ৰই। লণ্ডনৰ ইম্পিৰিয়েল কলেজৰ অধ্যাপক ৰবীন চ্যেটক তথা সহযোগীসকলে মিলি যি ভেকচিন প্ৰস্তুত কৰিছে তাৰ ট্ৰায়েল কৰিবলৈ ইতিমধ্যে ৩০০জন ভলণ্টিয়াৰ বাচনি কৰা হৈছে। অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ গবেষকে ইয়াৰ পূৰ্বেই মানৱদেহত কোৰোণাৰ ভেকচিনৰ ট্ৰায়েল আৰম্ভ কৰিছিল। সমগ্ৰ বিশ্বত বৰ্তমান ১২০টা কোভিড ভেকচিন প্ৰগাম অব্যাহত আছে। সাফল্য শীঘ্ৰে লাভ কৰাক লৈ আশাবাদী গৱেষকসকল।