সুখচৰত নিশা শোৱাপাটীৰ পৰা অপহৰণ ৬ মহীয়া শিশুক, পুৱা নৈৰ পাৰত মৃতদেহ উদ্ধাৰ

80

দক্ষিণ শালমৰা-মানকাচৰ জিলাৰ সুখচৰত সংঘটিত হৈছে এক শোকাবহ ঘটনা। নিশা শোৱাপাটীৰ পৰা দুৰ্বৃ্ত্তই অপহৰণ কৰি নিয়া এটি ৬ মহীয়া শিশুৰ মৃতদেহ ১০ ঘটনাৰ পিছত উদ্ধাৰ হয় নৈৰ পাৰত। এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে, শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত সুখচৰৰ মলাখোৱাৰ চালিম আলমৰ ৬ মহীয়া শিশুটিক শোৱাপাটীৰ পৰা অপহৰণ কৰি নিয়ে দুস্কৃতিকাৰীয়ে। মাতৃৰ সৈতে শুই থকা শিশুটিক ঘৰৰ দুৱাৰ ভাগি গোপনে লৈ যায় দুস্কৃতিকাৰীয়ে।

ইফালে নিশা এনেদৰে সন্ধানহীন হোৱা শিশুটি বিচাৰি পৰিয়াল হায়ৰাণ হোৱাৰ সময়তে পিছদিনা পুৱা প্ৰায় ১০ বজাত অসম-মেঘালয় সীমান্তৱৰ্তী জিঞ্জিৰাম নৈৰ পাৰত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়।

ঘটনাস্থলীত মেঘালয়ৰ হেলিডেগঞ্জ থানা আৰক্ষী আৰু সুখচৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে শিশুটিৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে মেঘালয় আৰক্ষীয়ে তুৰালৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু শিশুটিৰ হত্যাকাৰীক বিচাৰি অভিযান চলাইছে।