ভাৰত-বাংলাদেশ সীমান্তত অভিযান চলাই সীমান্ত সুৰক্ষা বাহিনীয়ে ১.৪ কোটি টকাৰ নিষিদ্ধ কফ চিৰাপৰ বটল জব্দ কৰিবলৈ সক্ষম হৈছে । মাটিত তলত নিৰ্মাণ কৰা ষ্ট’ৰেজ টেংকৰ পৰা উদ্ধাৰ কৰা হৈছে এই নিষিদ্ধ কফ চিৰাপৰ বটল ।পশ্চিম বংগৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নাদিয়া জিলাৰ কিষাণগঞ্জ থানাৰ অন্তৰ্গত মাজদিয়া চহৰৰ নাঘাটা অঞ্চলত এক অভিযান চলাইছিল সীমান্ত সুৰক্ষা বাহিনীয়ে । সীমান্ত সুৰক্ষা বাহিনী দক্ষিণ বংগ সীমান্তৰ ৩২ বেটেলিয়নে চলোৱা এই অভিযানত ৩টা মাটিৰ তলৰ ষ্ট’ৰেজ টেংকৰ পৰা ৬২,২০০ টা ফেনচেডাইলৰ কাফ চিৰাপৰ বটলৰ বৃহৎ ভাণ্ডাৰ উদ্ধাৰ কৰা হৈছে।
