সীমান্ত পাৰ হৈ ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা! উৰিত সেনাৰ সংঘৰ্ষত নিহত ২ সন্ত্ৰাসবাদী

133

বুধবাৰে জম্মু-কাশ্মীৰৰ উৰি খণ্ডত পুনৰ নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে অনুপ্ৰৱেশৰ চেষ্টা চলায় সন্ত্ৰাসবাদীয়ে। এই প্ৰচেষ্টাৰ সময়তে সেনা জোৱানৰ গুলীত নিহত হয় ২ অনুপ্ৰৱেশকাৰী। লুকাই থকা জেহাদীসকলক বিচাৰি উলিয়াবলৈ অব্যাহত আছে তালাচী অভিযান।

কাশ্মীৰ আৰক্ষীৰ সূত্ৰ অনুসৰি সন্ত্ৰাসবাদীয়ে বেয়া বতৰৰ সুযোগ লৈ সীমান্তত অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল। ইয়াৰ পিছতে উৰি ছেক্টৰৰ বাৰামুল্লাত জেহাদীৰ সৈতে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ ঘটে। গোলাবাৰুদকে ধৰি বিভিন্ন অস্ত্ৰ উদ্ধাৰ কৰা হৈছে। আন সন্ত্ৰাসবাদীক বিচাৰি উলিয়াবলৈ অব্যাহত আছে অনুসন্ধান।

২১ অক্টোবৰত উৰি খণ্ডৰ নিয়ন্ত্ৰণ ৰেখা পাৰ হৈও সন্ত্ৰাসবাদীয়ে ভাৰতৰ ভূখণ্ডত প্ৰৱেশৰ চেষ্টা চলাইছিল। কিন্তু নিৰাপত্তা বাহিনী, জম্মু-কাশ্মীৰ আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই এই পৰিকল্পনা বিফল কৰে। সেই সময়ত উত্তৰ কাশ্মীৰৰ উৰি ছেক্টৰৰ বাৰামুল্লা জিলাত নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত তীব্ৰ গুলীচালনা হৈছিল। এই এনকাউণ্টাৰত জেহাদীসকলৰ পৰা জোৱানে ৬টা পিষ্টল আৰু ৪টা গ্ৰেনেড উদ্ধাৰ কৰে। ইয়াৰ পিছত সেই অঞ্চলত অনুসন্ধান অভিযান আৰম্ভ হয়।