সীমান্ত কুমাৰ দাসক হোজাইৰ নতুন উপায়ুক্তৰূপে নিযুক্তি

264

সীমান্ত কুমাৰ দাসক হোজাইৰ উপায়ুক্ত নিযুক্তি।

হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীক আনুষ্ঠানিকভাৱে নিলম্বনৰ পিছতে নিযুক্তি প্ৰদান সীমান্ত কুমাৰ দাসক।

পূৰ্বে তামুলপুৰৰ উপায়ুক্ত হিচাপে কৰ্তব্যৰত আছিল সীমান্ত কুমাৰ দাস।

আনহাতে বিদ্যুৎ বিকাশ ভাগৱতীক প্ৰদান কৰা হৈছে তামুলপুৰৰ উপায়ুক্তৰ দায়িত্ব।

উল্লেখ্য যে, নীৰিহক মাৰপিট কৰাৰ অপৰাধত মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে নিলম্বন কৰা হৈছিল হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীক।