সীমান্তয়েদি ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা পাক অনুপ্ৰৱেশকাৰী BSFৰ গুলীত নিহত

95

ডিজিটেল ডেস্কঃ পঞ্জাৱৰ ফিৰোজপুৰৰ ভাৰত-পাকিস্তান আন্তৰ্জাতিক সীমান্তয়েদি ভাৰতত প্ৰৱেশৰ চেষ্টা কৰা দুই পাক অনুপ্ৰৱেশকাৰী ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত নিহত হয়।

জানিব পৰা মতে, সীমান্তত দুই পাক অনুপ্ৰৱেশকাৰীক প্ৰত্যক্ষ কৰি বিএছএফৰ জোৱানে একাধিক বাৰ দুয়োজনক ভাৰতত প্ৰৱেশ নকৰিবলৈ সকিয়নী প্ৰদান কৰিছিল। কিন্তু তাৰ পিছতো অনুপ্ৰৱেশকাৰী দুজনে ভাৰত সীমান্তত প্ৰৱেশ কৰাত বিএছএফৰ জোৱানে গুলীচালনা কৰিবলৈ বাধ্য হয়। যাৰ ফলত গুলীবিদ্ধ হৈ দুয়োজন অনুপ্ৰৱেশকাৰীৰ মৃত্যু ঘটে।

নিহত অনুপ্ৰৱেশকাৰী দুজনৰ কোনো সন্ত্ৰাসবাদী সংগঠন অথৱা অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ সৈতে সম্পৰ্ক আছিল নেকি সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই বিএছএফে। আনফালে অনুপ্ৰৱেশকাৰী দুজনৰ পৰিচয়ো জানিব পৰা হোৱা নাই।