সীমান্তত ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমনত কমেও ৮জন পাক সেনা নিহত…

49

ডিজিটেল ডেস্ক: ভাৰত-পাক সীমান্তত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচৰা পাকিস্তান সেনাৰ সড়যন্ত্ৰ মষিমূৰ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনাই। ভাৰত ভূমিত প্ৰৱেশ কৰি কূটাঘাতৰ পৰিকল্পনা কৰা পাকিস্তানী সেনাৰ ওপৰত ভাৰতীয় সেনাই চলোৱা প্ৰত্যাক্ৰমনত আজি ৭-৮ জন পাক সেনা নিহত হয়।

সীমান্তত ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমনত কমেও ১২ জন পাক সেনা আহত হোৱা বুলিও দাবী কৰিছে ভাৰতীয় সেনাৰ এক সূত্ৰই। ভাৰতীয় সেনাই বৃহৎ পৰিমাণৰ পাকিস্তানী বাংকাৰ, লাঞ্চ পেড আৰু ফুৱেল ডাম্প জব্দ কৰিবলৈ সক্ষম হৈছে।