সীমান্তত পাক সেনাক মিঠাই বিতৰণ কৰি দেৱালী উদযাপন ভাৰতীয় সেনাৰ

87

ডিজিটেল ডেস্কঃ গোটেই বছৰটোৰ শত্ৰুতা পাহৰি এটা দিনৰ বাবে সীমান্তত বন্ধুত্ব স্থাপন কৰিলে ভাৰত আৰু পাকিস্তানৰ সেনাই। দুয়োখন দেশৰ জোৱানসকলে দেৱালী উদযাপন কৰি ইজনে সিজনক মিঠাই বিতৰণ কৰে।

বৃহস্পতিবাৰে উদযাপিত দেৱালীৰ সময়ত তিথাল সীমান্ত এলঅ’চিত ভাৰতীয় সেনাই পাক সেনাক মিঠাই বিতৰণ কৰাৰ আলোকচিত্ৰ প্ৰচাৰ হোৱাৰ পিছতে ভাইৰেল হৈ পৰিছে। দুয়োখন দেশৰ জোৱানসকলে পৰম্পৰাগত ৰীতি-নীতি অনুসৰি ইজনে সিজনক মিঠাই খুৱায়। উল্লেখ্য যে, ঈদ-হোলী-দেৱালীৰ দৰে উৎসৱৰ দিনবোৰত সীমান্তৰ এই ছবিখন চিৰন্তন।

এইদৰে ভাৰতীয় সেনাই উৎসৱৰ বতৰত চুবুৰীয়া দেশৰ জোৱানসকলক অন্তৰ্ভুক্ত কৰে। পাক সেনাৰ লগতে দক্ষিণ বংগৰ পেট্ৰাপোল সীমান্ততো বাংলাদেশৰ সীমান্ত ৰক্ষীৰ সৈতে ভাৰতীয় জোৱান সকলে দেৱালীৰ শুভেচ্ছা বিনিময় কৰে। চুবুৰীয়া ৰাষ্ট্ৰখনৰ সীমান্ত ৰক্ষী জোৱান সকলৰ মাজত বিএছএফৰ দ্বাৰা মিঠাইও বিতৰণ কৰা হয়।

বিশ্বব্যাপী অস্থিৰতাৰ মাজত পোহৰৰ উৎসৱৰ দিনা এই ভাতৃত্ববোধৰ ছবি নিঃসন্দেহে মন তৰোৱা। ভাৰত আৰু বাংলাদেশৰ সীমান্ত ৰক্ষী বাহিনীৰ মাজৰ সম্পৰ্ক সদায় সৌহাৰ্দ্যপূৰ্ণ আছিল। ইয়াৰ পূৰ্বে দুয়োখন দেশৰ সীমান্ত ৰক্ষী বাহিনীয়ে দুয়োখন দেশৰ মাজত গুৰুত্বপূৰ্ণ দিনবোৰত শুভেচ্ছা বিনিময় কৰা দেখা গৈছিল।