সিংহৰ পিছত এইবাৰ কোৰোনাত আক্ৰান্ত ২৮টাকৈ হাতী…

68

কোৰোনাত কেৱল মানুহেই নহয়, আক্ৰান্ত হৈছে অন্য জীৱ জন্তুও। কিছুদিন পূৰ্বে তামিলনাডুৰ আন্না জিঅ’লজিকেল পাৰ্কত থকা ৯টাকৈ সিংহৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পিছতে এইবাৰ ৰাজ্যখনত পুনৰ হাতীৰ দেহত ধৰা পৰিছে কোভিডৰ সংক্ৰমণ। তামিলনাডুৰ মধুমালাইৰ ব্যঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত থেপাকান্দু হস্তী শিৱিৰত থকা ২৮টা হাতীৰ স্বাস্থ্য পৰীক্ষাত ধৰা পৰে কোভিডৰ উপস্থিতি।

ইতিমধ্যে এই হাতীকেইটাৰ আপডালৰ কামত নিয়োজিত ৫২জন মাউতৰ লগতে ২৭জন সহায়কাৰীৰ কোভিড টেষ্ট কৰা হয় যদিও আটাইকেইজনৰো কোভিড ৰিজাল্ট নিগেটিভ আহে। ইফালে আক্ৰান্ত হাতীকেইটাৰ বিশেষ যত্ন লৈ থকা হৈছে। তামিলনাডুৰ বনমন্ত্ৰী কে ৰামচন্দ্ৰই থেপাকান্দু হস্তী শিৱিৰৰ সকলো জন্তুৰে কৰ’ণা টেষ্ট কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷