সাৰথি” উদ্যোগত তিনিশতাধিক আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ

86

ষ্টাফৰিপোৰ্টাৰ, ১০ এপ্ৰিল :: কেইজনমান উদ্যোগী যুৱকৰ উদ্যোগত নৱগঠিত “সাৰথি” নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত শুকুৰবাৰে গুৱাহাটীৰ খানাপাৰাৰ ৰোৱাদ নগৰ, দেব নগৰ, মাজুলীপুৰ আৰু ভাগৱতপুৰ এই চাৰিখন গাঁৱৰ তিনিশতাধিক আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰা হয়৷ লকডাউনৰ সময়ত তথৈৱচ হৈ পৰা দিন হাজিৰা কৰা এই পাহাৰীয়া লোকসকলক চাউল আৰু আলু সম্পূৰ্ণ সামাজিক ব্যৱধান বজাই ৰাখি বিতৰণ কৰা হয়৷ এই কাৰ্যসূচীত উদ্যোগ তথা আৰ্থিক সহায়-সহযোগিতা আগবঢ়ায় ৰাজকুমাৰ বৰি, অংগৰাগ ভূঞা, হেমকান্ত বৰা, জীপেন দলে, নাৰায়ণ মজুমদাৰ, জুৱেল পেগু, জ্যোতিমণি দলে, কমল বৰি, ৰঞ্জিত কুমাৰ বৰি, মোহন বৰি, নীলপৱন দাস, কিশোৰ ভাৱাল, ৰনজন কুমাৰ ৰেগন, মতিলাল বৰি, ৰাজ টায়ুং, পৰমেশ্বৰী বড়ো দলে, হৰিশ্চন্দ্ৰ মৰাং, ৰাণাপ্ৰতাপ পেগু, হৰগোবিন্দ পাতিৰ, মনোজ দলে, বিনোদ নৰহ, বিচিত্ৰ পেগু আৰু মনোৰঞ্জন বড়ি৷ ইফালে লকডাউনৰ মাজত দুখীয়া লোকৰ মাজত চাউল, দালি ,আলু, মিঠাতেল বিতৰণ। ইফালে
মহানগৰীৰ কাটিয়া দলং ত প্ৰায় ১০০ পৰিয়ালৰ মাজত খোৱা বস্তু বিতৰণ কৰে সমাজ কৰ্মী ৰিনা কাজীৰ।
তদুপৰি আর্তজনক সহায়ৰ বাবে আগবাঢ়ি আহিল উত্তৰ পূব সীমান্ত ৰেলৱেৰ খেলুৱৈ সকলে।
আদিঙগিৰীত দুশ পৰিয়ালৰ মাজত বিতৰণ কৰিলে চাউল , দালি, আলু, মিঠাতেল।