সাহিত্যাচাৰ্য ড০ ৰমেশ পাঠক অসুস্থ

71

বিশিষ্ট ভাষাবিদ, ‘সাহিত্যাচাৰ্য’ ড০ ৰমেশ পাঠক অসুস্থ। গুৱাহাটীৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ৰ আইচিইউত কিছুদিন চিকিৎসাধীন হৈ থকাৰ পিছত শেহতীয়াকৈ ‘গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল’ত তেখেতৰ চিকিৎসা চলি আছে..।

পালমনাৰী আৰু কাৰ্ডিঅ’লজি বিভাগৰ চিকিৎসকৰ তত্বাৱধানত চলি আছে চিকিৎসা। অসম সাহিত্য সভাৰ স্বতন্ত্ৰ প্ৰকল্প ‘জাতীয় শিক্ষা সংসদ‘ৰ উপদেষ্টা ড০ ৰমেশ পাঠকৰ উন্নত চিকিৎসাৰ বাবে যাৱতীয় দায়িত্ব গ্ৰহণ কৰিবলৈ অসম চৰকাৰক অাহ্বান জনাইছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা জাতীয় শিক্ষা সংসদৰ অধ্যক্ষ ড০ পৰমানন্দ ৰাজবংশী আৰু সচিব ৰাণা বশিষ্ঠই।