সামৰণি পৰিল সত্ৰীয়া সাংস্কৃতিক মহাসমাৰোহ ২০২৩

149

বিস্তৃত সাংস্কৃতিক কাৰ্যসূচী,আলোচনা চক্ৰ, সত্ৰীয়া সাংস্কৃতিক প্ৰতিযোগিতা,সত্ৰাধিকাৰ সন্মিলন আদিৰে সোমবাৰে সামৰণি পৰিল সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদে আয়োজন কৰা সত্ৰীয়া সাংস্কৃতিক মহাসমাৰোহ- ২০২৩৷ মহানগৰীৰ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰত চাৰিদিনীয়াকৈ আয়োজন কৰা ‘সত্ৰীয়া সাংস্কৃতিক মহাসমাৰোহ-২০২৩’ ৰ আজি অনুষ্ঠিত মুকলি অধিৱেশনত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই অংশগ্ৰহণ কৰে৷ ৰাজ্যপাল গৰাকীয়ে মহাসমাৰোহ উপলক্ষে সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদে প্ৰকাশ কৰি উলিওৱা আৰু ড° বৈজয়ন্তী গোস্বামী আৰু বিজু সঞ্জীৱ বৰকটকী সম্পাদিত স্মৃতিগ্ৰন্থ খনিও উন্মোচন কৰে৷ নিজৰ ভাষণ প্ৰসংগত ৰাজ্যপাল গৰাকীয়ে অসমৰ সত্ৰীয়া সংস্কৃতি আৰু মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ আৰু শ্ৰী মাধৱদেৱৰ বৈষ্ণৱ ভক্তি আন্দোলন আৰু আধ্যাত্মিক,সামাজিক কৰ্মৰাজি তথা সাংস্কৃতিক ভাৱ দৰ্শনৰ ভূয়সী প্ৰশংসা কৰে৷ তেওঁ নিজৰ বক্তব্যত হৰিদেৱ- দামোদৰদেৱৰ কথাও উল্লেখ কৰে৷ সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদৰ সভাপতি প্ৰফুল্লপ্ৰাণ মহন্তৰ সভপতিত্বত অনুষ্ঠিত মুকলি অধিৱেশনত সন্মানীয় অতিথি হিচাপে পদ্মশ্ৰী বঁটাপ্ৰাপক নৃতাচাৰ্য যতীন গোস্বামী, সত্ৰীয়া সংস্কৃতিৰ সাধক ঘনকান্ত বৰা বৰবায়ন আৰু গোবিন্দ শইকীয়া উপস্থিত থাকে৷ সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদ, অসম’ৰ দ্বাৰা আয়োজন কৰা এই সমাৰোহৰ কাৰ্যসূচীত শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ খোলবাদন ,বৰগীত আৰু সত্ৰীয়া নৃত্যৰে মুখৰ হৈ পৰিছিল৷ আজিৰ মুকলি অধিৱেশনতে ইতিমধ্যে হৈ যোৱা প্ৰতিযোগিতাসমূহত প্ৰতিটো বিভাগত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্তসকলক নগদ ধন,স্মাৰক আৰু প্ৰমাণপত্ৰ প্ৰদান কৰাৰ লগতে সকলো অংশগ্ৰহণ কাৰীক অংশগ্ৰহণৰ প্ৰমাণপত্ৰও প্ৰদান কৰা হয়৷ মহাসমাৰোহত ২৯ ছেপ্টেম্বৰত ‘অসমৰ ভক্তিজাগৰণ : ধৰ্ম, দৰ্শন আৰু সত্ৰানুষ্ঠান’ আৰু ৩০ ছেপ্টেম্বৰত
‘অসমৰ ভক্তি জাগৰণ আৰু সত্ৰীয়া কলা পৰম্পৰা বৰগীত, অঙ্কীয়া নাট আৰু সত্ৰীয়া নৃত্য’ শীৰ্ষক দুখনকৈ আলোচনা চক্ৰ অনুষ্ঠিত হৈছিল৷ ১অক্টোবৰৰ পুৱা শ্ৰীমাধৱদেৱ
আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সত্ৰাধিকাৰ সন্মিলনতেই সদৌ অসমৰ কাৰ্য্যনিৰ্বাহক সমিতি গঠন কৰা হয়৷ মহাসমাৰোহৰ আটাইকেইদিনেই সন্ধিয়া সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়।