সাম্প্ৰতিক ৰাজনৈতিক পৰিবেশক লৈ উদ্বিগ্ন অখিল

72

সাম্প্ৰতিক ৰাজনৈতিক পৰিবেশক লৈ উদ্বিগ্ন কৃষক নেতা অখিল গগৈ! কাৰাগাৰৰ পৰা পত্ৰ লিখি কৃষক নেতাগৰাকীয়ে মহাজোঁটক লৈ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সকলো দলক ন কৈ ভাবিবলৈ তেওঁ আহ্বান জনায়।

বিজেপিক জাতিদ্ৰোহী আখ্যা দি কৃষক নেতাগৰাকীয়ে কয় যে বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাটোৱেই মূল লক্ষ্য হ’ব লাগিব। সকলোকে যুক্তিপূৰ্ণভাৱে বিচাৰ কৰিবলৈ আহ্বান জনায় অখিল গগৈয়ে। তদুপৰি জনকল্যাণৰ স্বাৰ্থত নতুন দলসমসূহক কাম কৰি বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ আহ্বান জনায় কৃষক নেতাগৰাকীয়ে।

দুই পৃষ্ঠাৰ পত্ৰখনত কৃষক নেতাগৰাকীয়ে বিজেপিক গণ বিৰোধী দল আখ্যা দি কয় যে যদি প্ৰয়োজন হয় তেন্তে তেওঁ নিৰ্বাচন খেলাৰ পৰা বিৰত থাকিব। বিৰোধী ঐক্যবদ্ধ হ’ব পৰা নাই বুলি আক্ষেপ কৰে কৃষক নেতাগৰাকীয়ে। উল্লেখ্য যে, স্বাস্থ্যজনিত কাৰণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে অখিল গগৈ।