সামাজিক ব্যাধি স্বৰূপ ড্ৰাগছৰ বিৰুদ্ধে বিলাসীপাৰা মহাবিদ্যালয় আৰু আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ ।
ড্ৰাগছৰ বিৰুদ্ধে সমাজত সজাগতা আনিবলৈ বিলাসীপাৰাৰ পৰা সাপটগ্ৰাম লৈ চাইকেলেৰে শোভাযাত্ৰা |
বিলাসীপাৰা মহাবিদ্যাল চাইক্লিং ক্লাৱৰ উদ্যোগত বিলাসীপাৰা আৰক্ষীয়ে উলিয়ায় চাইকেল ৰেলী ।
বিলাসীপাৰাৰ পৰা উলিওৱা চাইকেল ৰেলীয়ে ২৪ কিলোমিটাৰ বাট অতিক্ৰম কৰি সাপটগ্ৰামত উপস্থিত হয় ।
এই চাইকেল ৰেলীৰ মুল উদ্দেশ্য হৈছে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টি ।ৰেলীত যুৱ প্ৰজন্মই ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হয় ।