দক্ষিণ শৰনীয়া পদপথৰ দোকানত গ্ৰহকৰ ভীৰ
ষ্টাফ ৰিপৰ্টাৰ, ২৭ মে’: কৰ’না ভাইৰাছৰ আতংকৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো প্ৰযোজ্য হৈ আছে চতুৰ্থ প্ৰৰ্যায়ৰ লকডাউন ৷ দেশৰ প্ৰতিগৰাকী জনসাধাৰণক কৰ’নাৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যৰে দেশত লকডাউনৰ দিন বৃদ্ধি কৰি আহিছে ৷ ইতিমধ্যে ৰাজ্যখনত কৰ’না আক্ৰান্তৰ সংখ্যা অভাবনীয় ভাবে বৃদ্ধি পাইছে ৷ যাৰ বাবে ৰাজ্যৰ স্বাস্থ্য মন্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিনে নিশা একাকাৰ কৰি ৰাজ্যখনৰ জনসাধাৰণক কৰ’নাৰ পৰা ৰক্ষা কৰাৰ প্ৰয়াস কৰি আছে ৷শেহতীয়া ভাবে কৰ’নাৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে মন্ৰীগৰাকীয়ে যথেষ্ঠ উদ্যোগ প্ৰকাশ কৰিছে ৷ তথাপিও এচাম অসচেতন জনসাধাৰণৰ কোনা গুৰুত্ব দেখিবলৈ পোৱা নাই ৷ যিটো সময়ত সামাজিক দুৰত্ব বজায় ৰখাৰ বাবে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বাৰম্বাৰ আহ্বান জনাই আহিছে যদিও সেয়া বাস্তবত ফুটুকাৰ ফেনত পৰিনত হৈছে ৷ কিয়নো মহানগৰীৰ দক্ষিণ শৰনীয়াত পদপথত বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানৰে ভৰি পৰিছে ৷ উলুবাৰী সংযোগী পথচোৱাৰ পদপথৰ দোকানত এতিয়া গ্ৰাহকৰ ভীৰ দেখা গৈছে ৷সামাজিক দুৰত্ব বুলি একো নাই ৷ ইজনৰ লগত সিজনে গাতে গা লগাই বজাৰ কৰাত ব্যস্ত ৷ ইয়াৰ সমান্তৰালভাৱে মহানগৰীৰ বামুনীমৈদামৰ ছয় নং ৰেলৱে গেটত পথচোৱাত যথেষ্ঠ গ্ৰাহকৰ ভীৰ দেখা গৈছে ৷ যাৰ বাবে চানমাৰি থানাৰ এচিপি চি কে বড়োয়ে নিজে উপস্থিত হৈ পৰিস্থিতি চম্ভালে ৷ একাংশ সচেতন ৰাইজৰ অভিযোগ পদপথত চৰকাৰে ব্যৱসায় প্ৰতিষ্ঠান খোলাৰ বাবে অনুমতি দিয়া নাই ৷ তেনে স্থলত একাংশ ব্যৱসায়ী দোকান খুলিছে ৷ আৰ্থিক অনাতনৰ বাবেই দোকান খুলিছে যদিও সামাজিক দুৰত্ব প্ৰতি গুৰুত্ব দিয়া উচিত বুলি উল্লেখ কৰে ৷ লগতে গুৱাহাটী পৌৰনিগম, আৰক্ষী প্ৰশাসনে এনেকুৱা স্থানত পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহন কৰিবলৈ সচেতন ৰাইজে আহ্বান জনাইছে ৷ নহ’লে অনাগত দিনত ইয়াতকৈ ভয়ংকৰ ভাবে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰে।
