সাপটগ্ৰাম অঞ্চলৰ শালটাৰীত ১১০ সংখ্যক সাৰ্বজনীন কালী পুঁজা উদযাপন

153

সাপটগ্ৰাম অঞ্চলৰ শালটাৰীত ১১০ সংখ্যক সাৰ্বজনীন কালী পুঁজা উদযাপন । পোহৰৰ উৎসৱ দিপাৱলী সমগ্ৰ ৰাজ্যৰ লগতে ঐতিহ্যমণ্ডিত সাপটগ্ৰাম শালটাৰী অঞ্চলতো উলহ মালহেৰে পালন কৰা হয় । বতৰে যদিও উৎসৱ পালন কৰাত কিছু পৰিমাণে ব্যাঘাত জন্মাইছিল তথাপিও কিন্তু পোহৰৰ উৎসৱটি পালন কৰাত কোনো পাছপৰি ৰোৱা নাই । কাতি মাহৰ অমাৱস্যা তিথিৰ দিনা “দীপাৱলী” পালন কৰা হয় ৷ এই উৎসৱক পোহৰৰ উৎসৱ বুলিও কোৱা হয় ৷ সেয়ে, অন্ধকাৰক নাশিবলৈ, শাৰী শাৰী বন্তি প্ৰজ্বলনেৰে চৌদিশে পোহৰাই তোলা হয় দীপাৱলীৰ নিশা অমাৱস্যাৰ এই দিনটোত ৰাম, লক্ষ্মণ, সীতা আৰু হনুমানে চৈধ্য বছৰ পিছত বনবাসৰ পৰা অযোধ্যালৈ উভতি আহিছিল ।ইয়াৰ উদ্দেশ্যে অযোধ্যাৰ প্ৰজাগণে জাকজমকতাৰে পোহৰৰ উৎসৱ পালনৰ দ্বাৰা ৰামৰ সৈতে সকলোকে স্বাগতম জনাইছিল বুলি জানিব পৰা যায় । সাপটগ্ৰাম অঞ্চলৰ শালটাৰী সাৰ্বজনীন কালী মন্দিৰত ১১০ সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী কালী পুঁজা উদযাপন কৰে । উক্ত পুঁজাস্থলীত কীৰ্তন সংঘৰ মহিলাসকলে কীৰ্তন পৰিবেশন কৰাৰ লগতে দিনৰ ভাগত মধ্য ভোজনৰ বাবে খিচৰিৰ ব্যৱস্থা কৰা বুলি সভাপতি শ্ৰীযুত অশ্বিনী কুমাৰ দাস আৰু সম্পাদক শ্ৰীযুত ‌সুনিল কুমাৰ দাস জানিবলৈ দিয়ে ।